ভাৰতীয় ষ্টেট বেংকে সমগ্ৰ দেশতে এছ বি আইৰ বিভিন্ন শাখাত কেৰাণী কেডাৰত খালী হোৱা ৫০০৮ টা জুনিয়ৰ এছ’চিয়েট (কষ্টমাৰ ছাপ’ৰ্ট এণ্ড চেলছ) পদত নিযুক্তিৰ বাবে আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব পাৰে।
কেৱল এখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত খালী হোৱা পদৰ বাবে প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। এই নিযুক্তি প্ৰকল্পৰ অধীনত প্ৰাৰ্থীসকলে মাত্ৰ এবাৰহে পৰীক্ষাত হাজিৰ হ’ব পাৰিব। কোনো এখন বিশেষ ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল, সেই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্দিষ্ট নিৰ্বাচিত স্থানীয় ভাষাত (পঢ়া, লিখা, কোৱা আৰু বুজা) দক্ষতা থাকিব লাগে।
পদৰ নাম: জুনিয়ৰ এছ’চিয়েট (গ্ৰাহক সহায়ক আৰু বিক্ৰী)
সংস্থাৰ নাম: ভাৰতীয় ষ্টেট বেংক (SBI)
SBI Clerk নিযুক্তিৰ সবিশেষ
পদৰ সংখ্যা: ৫০০৮
পোষ্টৰ সংখ্যা @ উত্তৰ-পূবৰ ৰাজ্যসমূহ: ৩৫৯
অসমঃ ২৫৮ টা পদ
অৰুণাচল প্ৰদেশঃ ১৫ টা পদ
মণিপুৰঃ ২৮টা পদ
মেঘালয়ঃ ২৩টা পদ
মিজোৰামঃ ১০টা পদ
নাগালেণ্ডঃ ১৫ টা পদ
ত্ৰিপুৰাঃ ১০ টা পদ
পোষ্টৰ সংখ্যা @ অসম: ২৫৮
প্ৰয়োগৰ ধৰণ: অনলাইন
পেস্কেলঃ ১৭৯০০-১০০০/৩-২০৯০০-১২৩০/৩-২৪৫৯০-১৪৯০/৪-৩০৫৫০-১৭৩০/৭-৪২৬০০-৩২৭০/১-৪৫৯৩০-১৯৯০/১-৪৭৯২০ টকা।
বিজ্ঞাপন নং: চি আৰ পি ডি/চি আৰ/২০২২-২৩/১৫
এছ বি আই কনিষ্ঠ সহযোগী নিযুক্তিৰ যোগ্যতাৰ মাপকাঠী
বয়সৰ সীমা: প্ৰাৰ্থীৰ বয়স ০১.০৮.২০২২ তাৰিখৰ দৰে ২০ বছৰৰ তলৰ আৰু ২৮ বছৰৰ ওপৰত হ’ব নালাগে, অৰ্থাৎ প্ৰাৰ্থীৰ জন্ম ০২.০৮.১৯৯৪ৰ আগতে নহয় আৰু ০১.০৮.২০০২ৰ পিছত নহয় (দুয়োটা দিনকে ধৰি)।
বয়সৰ শিথিলতা: শ্ৰেণীভিত্তিক বয়সৰ শিথিলতা তলত উল্লেখ কৰা ধৰণৰ
অনুসূচিত জাতি/জনজাতি: ৫ বছৰ
অবিচিঃ ৩ বছৰ
PwD (অসংৰক্ষিত): ১০ বছৰ
PwD (OBC): ১৩ বছৰ
PwD (SC/ST): ১৫ বছৰ
শৈক্ষিক অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক বা কেন্দ্ৰীয় চৰকাৰে সেই হিচাপে স্বীকৃতিপ্ৰাপ্ত যিকোনো সমতুল্য অৰ্হতা। ইন্টিগ্ৰেটেড ডুৱেল ডিগ্ৰী (আইডিডি) প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীসকলে নিশ্চিত কৰিব লাগে যে আইডিডি উত্তীৰ্ণ হোৱাৰ তাৰিখ ৩০.১১.২০২২ তাৰিখ বা তাৰ আগতে।
চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থী: যিসকলে স্নাতক ডিগ্ৰী লাভৰ চূড়ান্ত বৰ্ষ/ ষান্মাসিকত আছে তেওঁলোকেও সাময়িকভাৱে আবেদন কৰিব পাৰে এই চৰ্তত যে, যদি সাময়িকভাৱে নিৰ্বাচিত হয়, তেন্তে তেওঁলোকে ৩০.১১.২০২২ বা তাৰ আগতে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ দাখিল কৰিব লাগিব।
স্থানীয় ভাষা দক্ষতা: কোনো এখন বিশেষ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল, সেই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্দিষ্ট নিৰ্বাচিত স্থানীয় ভাষাত দক্ষ (পঢ়া, লিখা, কোৱা আৰু বুজা) হ’ব লাগে।
এছ বি আই কেৰাণী আবেদন মাচুল ২০২২
SBI Clerk অনলাইন আবেদনৰ বাবে শ্ৰেণীভিত্তিক মাচুলৰ গাঁথনি তলত দিয়া হৈছে।
অনুসূচিত জাতি/জনজাতি/PWD: NIL
সাধাৰণ/OBC/EWS: 750/- (ইন্টিমেচন চাৰ্জকে ধৰি App. মাচুল)
পেমেণ্ট পদ্ধতিঃ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং বা ইউ পি আই।
ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে ২০২২ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি SBI Career website https://bank.sbi/careers বা https://www.sbi.co.in/careers ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদন কৰিবলৈ তেওঁলোকে তলত উল্লেখ কৰা পদক্ষেপসমূহ মানি চলিব পাৰে।
SBI Clerk নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব ?
তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব-লিংকসমূহ অংশলৈ যাওক।
Online Application Form লিংকত ক্লিক কৰক ৷
এটা নতুন ৱেবপেজ খুলিব।
প্ৰয়োজন অনুসৰি সকলো ব্যক্তিগত আৰু শৈক্ষিক তথ্য দিয়ক ৷
আপোনাৰ পাছপ'ৰ্ট আকাৰৰ ফটো আৰু স্বাক্ষৰ আৰু অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰক।
আপোনাৰ শিতান অনুসৰি আবেদন মাচুল দি শেষত submit বুটামত ক্লিক কৰক ৷
জমা দিয়া আবেদন পত্ৰৰ প্ৰিন্ট লবলৈ নাপাহৰিব ৷
SBI কনিষ্ঠ সহযোগী নিযুক্তি ২০২২ ৰ গুৰুত্বপূৰ্ণ তাৰিখ
অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ: ৭ ছেপ্টেম্বৰ ২০২২
অনলাইন আবেদন দাখিলৰ শেষ তাৰিখঃ ২৭ ছেপ্টেম্বৰ ২০২২
অনলাইন আবেদন পত্ৰ ইয়াত ক্লিক কৰক
বিজ্ঞাপনৰ বিৱৰণ ইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবছাইট ইয়াত ক্লিক কৰক

